কলগাছিয়াৰ এগৰাকী মহিলা নিৰুদ্দেশঃ আৰক্ষী থানাত গোচৰ ৰুজুঃ

ষ্টাফ ৰিপ'ৰ্টাৰ, নিউজ 4 আসাম, ৪ ডিচেম্বৰঃ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত টাপাজুলি পাথাৰ গাঁওৰ আব্দুছ ছামাদৰ মাতৃ ছাবিৰণ নেছা (৫১) যোৱা ২৭ নবেম্বৰৰ দিনা ঘৰৰ পৰা নিৰুদ্দেশ হৈছে। ঘটনা সংঘটিত হোৱাৰ দিনৰ পৰাই ছাবিৰণ নেছাৰ পৰিয়াল…

বিলাসীপাৰা মহকুমা ছাত্ৰ সন্থা কাৰ্য্যালয়ত দুষ্কৃতিকাৰীৰ আক্ৰমণঃ

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম, নিউজ 4 আসাম, ৩ ডিচেম্বৰঃ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা ছাত্ৰ সন্থা কাৰ্য্যালয়ত যোৱা নিশা এন্ধাৰৰ সুযোগ লৈ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছৱি আৰু কাৰ্যালয়টোৰ ভিতৰত থকা সকলোবোৰ আজবাব ভাঙি ছিঙি লণ্ড-ভণ্ড কৰে। ধুবুৰী…

কলগাছিয়াৰ ৰুভি গাঁৱত বোৱাৰীৰ ৰহস্যজনক মৃত্যুঃ হত্যা কৰি আম গছত ওলোমাই ৰখাৰ সন্দেহ আত্মীয়ৰঃ

ষ্টাফ ৰিপ'ৰ্টাৰ, নিউজ 4 আসাম, ৩ ডিচেম্বৰঃ কলগাছিয়াৰ ৰুভি গাঁৱত বোৱাৰীৰ ৰহস্যজনকভাৱে মৃত্যু। হত্যা কৰি আম গছত ওলোমাই ৰখাৰ সন্দেহ আত্মীয়ৰ। উল্লেখযোগ্য যে, সাত বছৰ পূৰ্বে ছাপৰা গাৱৰ তজিমুদ্দিনৰ কন্যা নিলিমা খাতুন (33)ৰ কলগাছিয়া আৰক্ষী…

ৰঙিয়াত অচিনাক্ত মৃতদেহ উদ্ধাৰঃ

ৰঙিয়াৰ পৰা মইদুল চৌধুৰী, নিউজ 4 আসাম, ৩ ডিচেম্বৰঃ আজি ৰাতিপুৱা ৰঙিয়াত এটি অচিনাক্ত মৃতদেহ উদ্ধাৰ হয় । নুৰুদ্দিন পথৰ টেম্পো ষ্টেণ্ডৰ সমীপৰ পিটনী এটাত উদ্ধাৰ হৈছে মৃতদেহটো । চিকিউৰিটি গাৰ্ডৰ পোচাক পৰিহিত মৃতদেহটো উদ্ধাৰক লৈ ৰঙিয়াত তীব্ৰ…

চাৰি সন্তানসহ এগৰাকী মহিলা নিৰুদ্দেশঃ প্ৰায় এমাহতো সন্ধান উলিয়াব নোৱাৰিলে হাউলীৰ আৰক্ষীয়েঃ

ষ্টাফ ৰিপ'ৰ্টাৰ, নিউজ 4 আসাম, ২ ডিচেম্বৰঃ বৰপেটা জিলাৰ হাউলী আৰক্ষী থানাৰ অন্তৰ্গত বৰবালা গাঁওৰ চাৰি সন্তানসহ এগৰাকী মহিলা নিৰুদ্দেশ হৈ আছে। জানিব পৰা মতে বৰবালা গাঁওৰ আব্দুল কাদেৰৰ পুত্ৰ শ্বহিদুল ইছলামৰ স্ত্ৰী হালিমা খাতুন (৩০) যোৱা ৫…

বিলাসীপাৰা হাতীপোতাত ৩৫ লাখ টকাৰে বজাৰ গৃহৰ শুভ উদ্বোধনঃ

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম, নিউজ 4 আসাম, ২ ডিচেম্বৰঃ ধুবুৰী জিলাৰ ২৭ নং বিলাসীপাৰা পূৱ বিধান সভাৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত অশোক কুমাৰ সিংহীৰ উদ্যোগত আজি বিলাসীপাৰা হাতীপোতা তথা বিভিন্ন চৰঞ্চলৰ কৃষকৰ জলকীয়া বজাৰত ৩৫ লাখ টকাৰ আবন্টন দি এটি…

ৰঙিয়া বৈদ্যুতিক উপঃ সংমণ্ডল কাৰ্যলয়ত সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক, মিটাৰ ৰিডাৰ কৰ্মী সন্থাৰ কৰ্ম…

ৰঙিয়াৰ পৰা মইদুল চৌধুৰী, নিউজ 4 আসাম, ২ ডিচেম্বৰঃ ৰঙিয়া বৈদ্যুতিক উপঃ সংমণ্ডল কাৰ্যালয়ত সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক, মিটাৰ ৰিডাৰ কৰ্মী সন্থাৰ কৰ্মীৰ চাকৰি নিয়মীকৰণৰ লগতে ১১ দফীয়া দাবী পূৰন নকৰাৰ প্ৰতিবাদত অসহযোগ আন্দোলন (কৰ্মবিৰতি) গ্ৰহন…

বিধায়ক শিলাদিত্যক মহাপাগল আৰু হিমন্ত বিশ্ব শৰ্মাক ধুৰন্ধৰ মন্ত্ৰী আখ্যাঃ কিন্তু কিয়? চাওঁক…

ষ্টাফ ৰিপ'ৰ্টাৰ, নিউজ 4 আসাম, ২ ডিচেম্বৰঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ (আমছু)ৰ বৰভিঠা আঞ্চলিক সমিতিৰ প্ৰথম বাৰ্ষিক অধিৱেশনখন এদিনীয়াকৈ অনুষ্ঠিত হয়। বৰভিঠা আঞ্চলিক সমিতিৰ সম্পাদক শ্বাহজাহান আলীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মকুলি সভাত…

কলগাছিয়াত অনুষ্ঠিত হ’বলগীয়া নামনি অসম মহোৎসৱৰ লাইখুঁটা স্থাপনঃ

ষ্টাফ ৰিপ'ৰ্টাৰ, নিউজ 4 আসাম, ২ ডিচেম্বৰঃ বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ কলগাছিয়াত অহা ১৫ ৰ পৰা ২৫ ডিচেম্বৰলৈ অনুষ্ঠিত হ'বলগীয়া নামনি অসম মহোৎসৱৰ আজি লাইখুঁটা স্থাপন কৰে। আজিৰ এই অনুষ্ঠানত কলগাছিয়া নামনি অসম মহোৎসৱ…

লাংলা ছিনিয়ৰ মাদ্ৰাছাৰ অধীক্ষকৰ দূৰ্নীতি ফাদিলঃ ৯ টা কম্পিউটাৰৰ ৮ টা কম্পিউটাৰেই বিকলঃ মেৰামতি…

ষ্টাফ ৰিপ'ৰ্টাৰ, নিউজ 4 আসাম, ৩০ নৱেম্বৰঃ বৰপেটা জিলাৰ লাংলা ছিনিয়ৰ মাদ্ৰাছাৰ ভাৰপ্ৰাপ্ত অধীক্ষক আব্দুৰ ৰৌফৰ এক ভয়ংকৰ দূৰ্নীতি পোহৰলৈ আহিছে। মাদ্ৰাছাখনৰ মুঠ ৯ টা কম্পিউটাৰৰ ৮টা কম্পিউটাৰেই বিকল হৈ আছে। অথচ এই বিকল কম্পিউটাৰ কেইটা মেৰামতি…