ৰঙিয়াত অচিনাক্ত মৃতদেহ উদ্ধাৰঃ

ৰঙিয়াৰ পৰা মইদুল চৌধুৰী, নিউজ 4 আসাম, ৩ ডিচেম্বৰঃ আজি ৰাতিপুৱা ৰঙিয়াত এটি অচিনাক্ত মৃতদেহ উদ্ধাৰ হয় । নুৰুদ্দিন পথৰ টেম্পো ষ্টেণ্ডৰ সমীপৰ পিটনী এটাত উদ্ধাৰ হৈছে মৃতদেহটো ।

চিকিউৰিটি গাৰ্ডৰ পোচাক পৰিহিত মৃতদেহটো উদ্ধাৰক লৈ ৰঙিয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । প্ৰায় ১০ দিন মান পূৰ্বে কোনো দুৰ্বৃত্তই হত্যা কৰি পেলাই দিয়াৰ সন্দেহ স্থানীয় ৰাইজৰ । বৰ্তমানেও চিনাক্ত হোৱা নাই মৃত লোকজনৰ পৰিচয় । সুৰক্ষা কৰ্মীজনক কোনে হত্যা কৰিলে ! ৰঙিয়াৰ কোনো ব্যক্তিগত প্ৰতিষ্ঠানৰ চিকিউৰিটি গাৰ্ড আছিল নেকি !

এনেবোৰ প্ৰশ্নৰ উদয় হৈছে স্থানীয় লোক সকলৰ মাজত। অনুমান কৰা মতে যদি প্ৰায় ১০ দিন মান পূৰ্বে হত্যা কৰা হৈছিল লোকজনক তেন্তে সন্ধানহীনৰ কোনো খবৰ কিয় নাছিল আৰক্ষীৰ হাতত? লোকজনৰ কৰ্মৰত প্ৰতিষ্ঠানটোৱে লোকজন সন্ধানহীন হোৱা খবৰ আৰক্ষীক কিয় জনোৱা নাছিল? নে অন্য ঠাইৰ পৰা আনি ৰঙিয়াত পেলাই থৈ গৈছে মৃতদেহটো । সেয়াও এতিয়ালৈকে স্পষ্ট হোৱা নাই। আৰক্ষীৰ সঠিক তদন্তৰ অন্ততহে ওলাই পৰিব প্ৰকৃত ৰহস্য । ঘটনাস্থলীত আৰক্ষী-দণ্ডাধীশ উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।

Leave A Reply

Your email address will not be published.