বিলাসীপাৰা মহকুমা ছাত্ৰ সন্থা কাৰ্য্যালয়ত দুষ্কৃতিকাৰীৰ আক্ৰমণঃ

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম, নিউজ 4 আসাম, ৩ ডিচেম্বৰঃ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমা ছাত্ৰ সন্থা কাৰ্য্যালয়ত যোৱা নিশা এন্ধাৰৰ সুযোগ লৈ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছৱি আৰু কাৰ্যালয়টোৰ ভিতৰত থকা সকলোবোৰ আজবাব ভাঙি ছিঙি লণ্ড-ভণ্ড কৰে।

ধুবুৰী জিলা ছাত্ৰ সন্থাৰ সভাপতি নৱ কুমাৰ ৰায়ে জানিবলৈ দিয়া মতে, কেৱৰ সপক্ষে থকা কোনো দল সংগঠন নাইবা চৰকাৰ পক্ষৰ কোনো লোকেই এই অঘটন কৰিছে বুলি সন্দেহ প্ৰকাশ কৰিছে।

উক্ত ঘটনা সংক্ৰান্তে এই বিলাসীপাৰা মহকুমা আৰক্ষী বিষয়াই তদন্ত আৰম্ভ কৰিছে যদিও এতিয়ালৈকে দুষ্কৃতিকাৰীক আটক কৰিবলৈ সক্ষম হোৱা নাই বিলাসীপাৰা আৰক্ষী। সেয়েহে অনতিপলমে দুষ্কৃতিকৰীক কৰায়ত্ব কৰিবলৈ দাবী জনায় বিলাসীপাৰা মহকুমা ছাত্ৰ সন্থাই।

Leave A Reply

Your email address will not be published.