The news is by your side.

মাণিকপুৰত CAB ৰ বিৰোধিতাৰে টায়াৰ জ্বলাই ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ অঃজাঃযুঃছাঃপঃৰ

মাণিকপুৰ, ২০ নৱেম্বৰঃ বঙাইগাওঁ জিলাৰ মাণিকপুৰত ৩১ নং ঘাইপথত টায়াৰ জ্বলাই পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বঙাইগাওঁ জিলা সমিতি আৰু মাণিকপুৰ আঞ্চলিক সমিতিয়ে। শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী বিধেয়কখন অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে পাছ কৰাৰ বাবে সৰৱ হোৱাৰ প্ৰতিবাদত আজি এই প্ৰতিবাদী ও ঘাইপথ অৱৰোধ কাৰ্যসূচী ৰূপায়ণ কৰে।

নাগৰিকত্ব বিল বাতিল কৰক, বিজেপি চৰকাৰ হায় হায়, সৰ্বানন্দ সোনোৱাল মুৰ্দাবাদ, মোডী গ’বেক ইত্যাদি শ্লোগানেৰে মাণিকপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথ উত্তাল কৰি তোলে। লগতে এই নাগৰিকত্ব সংশোধনী বিধেয়কখন কোনো পধ্যেই অসমত মানি লোৱা নহব আৰু এই বিলখনৰ বিৰুদ্ধে অসম জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদে ধাৰাবাহিক ভাৱে প্ৰতিবাদ কৰি যাব বুলি মত প্ৰকাশ কৰে সংগঠনটোৰ কৰ্মীয়ে।