The news is by your side.

বিশিষ্ট সমাজকৰ্মী খোৱাজ উদ্দিন মণ্ডলৰ মহানুভৱতাঃ উত্তৰ অভয়াপুৰী সমষ্টিৰ ২১ খন গাওঁ পঞ্চায়তত খাদ্য সামগ্ৰী, বস্ত্ৰ বিতৰণ।

নিউজ ডেক্স নিউজ4আসাম : মহামাৰী কোভিড ১৯ ৰ বাবে সমগ্ৰ দেশজুৰি লকডাউন। লকডাউনৰ সময়ছোৱাত বিশেষভাৱে হাহ নচৰা অৱস্থা হৈছে দৰিদ্ৰ পৰিয়াল। এই সংকটৰ সময়ত দৰিদ্ৰ পৰিয়ালক সহায় কৰাৰ উদ্দেশ্যেৰে আগবাঢ়ি আহিছে বিশিষ্ট সমাজকৰ্মী খোৱাজ উদ্দিন মণ্ডল। মণ্ডলে অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ ২১ টা পঞ্চায়তৰ দৰিদ্ৰ পৰিয়ালক সহায়ৰ হাত আগবঢ়াইছে। লকডাউনৰ প্ৰথম অৱস্থাতে ২১ খন পঞ্চায়তৰ দৰিদ্ৰ পৰিয়ালক টকা পইচা, খাদ্য সামগ্ৰী বিতৰণ কৰি সহায়ৰ হাত আগবঢ়াই আহিছে। সম্প্ৰতি মণ্ডলে পুনৰ ঈদৰ আগমুহূৰ্তত সমষ্টি বাসী দৰিদ্ৰ লোকৰ ত্ৰান কৰ্তাৰ ৰূপত থিয় দিছে। বিশিষ্ট সমাজকৰ্মী খোৱাজ উদ্দিন মণ্ডলে প্ৰায় দহজন যুৱকৰ দ্বাৰা প্ৰতিটো পঞ্চায়তত ২৫০ পৰা ৩০০ দৰিদ্ৰ পৰিয়ালৰ মাজত ঈদৰ বাবে প্ৰয়োজনীয় খাদ্য সামগ্ৰী চেনী, চাউল, শেমাইৰ লগতে শাড়ী কাপোৰ, লুংগী আদি বস্ত্ৰ বিতৰণ কৰি আহিছে। সংকটৰ সময়ত সমাজকৰ্মীজনৰ এনে মহানুভৱতাক সকলোৱে ভুয়সী প্ৰশংসা কৰিছে।