The news is by your side.

বিশিষ্ট শিক্ষাবিদ তথা অৱসৰপ্ৰাপ্ত বিদ্যালয় সমূহৰ পৰিদৰ্শক ড° ভূপেন দাস আৰু নাই

নিউজ ডেস্ক ৰিপৰ্ট নিউজ 4 আসাম :বৰপেটা জিলাৰ হাউলীৰ বিশিষ্ট শিক্ষাবিদ, সমাজসেৱক তথা অৱসৰপ্ৰাপ্ত বিদ্যালয় সমূহৰ পৰিদৰ্শক ড° ভূপেন দাসে আজি দিনৰ প্ৰায় ১ বজাত ইহসংসাৰ ত্যাগ কৰে । বৃক্ক আৰু মধুমেহ ৰোগত আক্ৰান্তহৈ দীৰ্ঘ দিন ধৰি গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল প্ৰায়ত দাস। দাসৰ মৃত্যুত কলগাছিয়াৰ জ্যেষ্ঠ সাংবাদিক মৌলনা আব্দুল হামিদে গভীৰ শোক প্ৰকাশ কৰিছে লগতে মানিকপুৰ মহকুমা বৈদ্যুতিন সাংবাদিক সন্থা (ছেমা)ৰ সভাপতি মনোৱাৰ হুছেইন, সম্পাদক আবুল কায়ুম আলামিন আৰু বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে।