The news is by your side.

দাৱাগুৰী গাৱৰ সমবায় সমিতিৰ এজেন্তে বিয়াগোম দূৰ্নীতিৰে গঢ়িছে সম্পতিৰ পাহাৰ।অন্নপূৰ্ণা, অন্ন সুৰক্ষা আঁচনিৰ চাউল বিতৰণত অনিয়মৰ অভিযোগ।

নিউজ ডেস্ক ৰিপৰ্ট নিউজ 4 আসাম :চিৰাং জিলাৰ উলুবাৰী সমবায় সমিতিৰ অন্তৰ্গত দাৱাগুৰী গাওঁৰ এজেন্ট হামেদ আলীৰ বিৰুদ্ধে ব্যাপক দূৰ্নীতিৰ অভিযোগ উত্থাপিত হৈছে ।দুখীয়া দৰিদ্ৰৰ বাবে চৰকাৰে আগবঢ়োৱা বিনামূলীয়া চাউল বিতৰণৰ নামত প্ৰতিজন ব্যক্তিক দিবলগা ৪ কেজি ২৫০ গ্ৰাম চাউলৰ বিপৰীতে ৩ কেজিকৈ দিয়ে লগতে প্ৰতিখন কাৰ্ডৰ বিপৰীতে আদায় লৈছে বিছ টকাকৈ। ইয়াৰোপৰি কিছুমান পৰিয়ালত স্বামী/স্ত্ৰীৰ আৰু অন্য ঠাইত বসবাস কৰা অন্য ব্যক্তিৰ নামত সুকিয়া সুকিয়াকৈ আৰু নাবালিকাৰ নামতো ৰেচনকাৰ্ড পঞ্জীয়ন কৰি চাউল নিজে হজম কৰি বছৰত হাজাৰ হাজাৰ টকা আত্মসাৎ কৰি আছে।খাদ্য সুৰক্ষাৰ নামত গাঁওখনত ১৬০ খন ৰেচনকাৰ্ড আছে কিন্তু তেওঁ জালিয়াতিৰে ২৪০ খন কাৰ্ডৰ নামত চাউল আনে অৰ্থাৎ ৯০ খন কাৰ্ডৰ চাউল নিজে হস্তগত কৰি অগাধ সম্পতিৰ পাহাৰ গঢ়িছে। এই তথ্য পোহৰলৈ অহাত গাঁৱখনত এক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে লগতে উচিত তদন্ত মূলে বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাইজে দাবী জনাইছে ।