The news is by your side.

মানিকপুৰ বেংকত গ্ৰাহকৰ লানি নিচিগা ভিৰ। লকডাউন উলংঘা

নিউজ ডেক্স নিউজ4আসাম – দ্বিতীয় পৰ্যায়ৰ লকডাউন আজি সামান্য পৰিমাণে শিথিল কৰাৰ লগে লগে আজি বঙাইগাঁও জিলাৰ মানিকপুৰ ছেন্ট্ৰেল বেংক, পাঞ্জাৱ নেশ্যনেল বেংক, অসম গ্ৰামীণ বিকাশ বেংকত দেখা গৈছে লানি নিছিগা ভিৰ। মাৰাত্মক কৰোনাক লৈ যেন ভ্ৰুক্ষেপেই নাই এই সকল লোকৰ। সামাজিক দূৰত্ব মানি চলাৰ পৰামৰ্শক ভৰিৰে মোহাৰি টকা তুলিবলৈ আহিছে অঞ্চলৰ শ শ গ্ৰাহকে। এনে ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ সবল ভুমিকা দাবী কৰিছে সচেতন মহলে।