The news is by your side.

ছাত্ৰ-ছাত্ৰীক খাদ্য সামগ্ৰী যোগান ধৰাত প্ৰধান শিক্ষয়িত্ৰীয়ে সংঘটিত কৰা ব্যাপক দূৰ্নীতিৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকক প্ৰধান শিক্ষয়িত্ৰী হনুফা খাতুনৰ আক্ৰমণ। অঞ্চলব্যাপী প্ৰতিক্ৰিয়া।

নিউজ ডেস্ক ৰিপৰ্ট নিউজ 4 আসাম :কলগাছিয়াৰ ১৭৮৬ নং পূব কলগাছিয়া প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী হনুফা খাতুনৰ এক নাভূত-নাশ্ৰুত কাণ্ডই সকলোৰে চকু কপালত তুলিছে।ৰাজ্যৰ শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীক ঘৰে-ঘৰে গৈ খাদ্য সামগ্ৰী যোগান ধৰাৰ নিৰ্দেশনাক অঙ্গুষ্ঠ প্ৰদৰ্শন কৰি শিক্ষয়িত্ৰী গৰাকীয়ে বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক গোট খোৱাই কেৱল পাঁচ কেজি চাউল বিতৰণ কৰে। শিক্ষয়িত্ৰী গৰাকীয়ে লকডাউন অমান্য কৰি কেৱল চাউল যোগান ধৰাত স্থানীয় অভিভাৱকে সাংবাদিকক খবৰ দিয়ে। প্ৰাপ্ত খবৰৰ ভিত্তিত বিদ্যালয়ত সাংবাদিক উপস্থিত হৈ বাতৰি সংগ্ৰহ কৰিবলৈ ধৰোতেই প্ৰধান শিক্ষয়িত্ৰী হনুফা খাতুন, শিক্ষয়িত্ৰীৰ স্বামী তথা কলগাছিয়া গড়কাপ্তানি বিল্ডিং বিভাগৰ এছ এ সহেব আলী আৰু তেওঁৰ পুত্ৰই সাংবাদিক গৰাকীক শাৰিৰীক ভাৱে অপদস্থ কৰে। যাক লৈ অভিভাৱক ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দীৰ্ঘ দিনৰ পৰাই বিদ্যালয় খনত শিক্ষয়িত্ৰী গৰাকীৰ স্বামী আৰু পুত্ৰই অহেতুক দপদপনি চলাই অহাৰ অভিযোগ পোৱা গৈছে। ৰাইজে ঘটনা সন্দৰ্ভত তদন্ত সাপেক্ষে শিক্ষয়িত্ৰী গৰাকীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।