The news is by your side.

কলগাছিয়া গাওঁ পঞ্চায়তৰ সভাপতি ৰফিক ভূঞা আৰু উদীয়মান যুবক জেহেৰুল ইছলামৰ মহানুভৱতা। দুখীয়াক টকা আৰু খাদ্য সামগ্ৰী বিতৰণ।

ষ্টাফ ৰিপ ৰ্টাৰ, নিউজ4আসাম, 5 এপ্ৰিল – কলগাছিয়াৰ গাওঁ পঞ্চায়ত ৰ সভাপতি ৰফিক ভূঞাই অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি ফৰটিন ফাইনেঞ্চৰ ৫% কনটিজেনছিৰ পৰা পঞ্চায়ত এলেকাৰ ২০০ টা পৰিয়ালক ১০০০ টকা কৈ সাহায্য আগবঢ়াই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। কলগাছিয়াৰ উদীয়মান যুবক জেহেৰুল ইছলামে লকডাউনৰ ফলত দিন হাজিৰা কৰি দুখীয়া মানুহৰ দুৰ্যোগৰ প্ৰতি লক্ষ্য কৰি ঘৰে ঘৰে গৈ খাদ্য সামগ্ৰী চাউল, দালি, মিঠাতেল, নিমখ আদি বিতৰণ কৰে। গাওঁ পঞ্চায়তৰ সভাপতি ৰফিক ভূঞা আৰু জেহেৰুল ইছলামৰ লগতে কলগাছিয়া গাওঁ পঞ্চায়তৰ উপ সভাপতি মহৰ আলীকো ৰাইজে ভূয়সী প্ৰশংসা কৰা দেখা গৈছে। লোকৰ ঘৰে ঘৰে গৈ এই খাদ্য সামগ্ৰী বিতৰণ কৰে। এই সকলোৰ সমাজ সেৱা মূলক কৰ্মক আমিও জনালোঁ অলেখ অলেখ শুভ কামনা।