The news is by your side.

কলগাছিয়াত বাহনিত অগ্নিকাণ্ডঃ কথমপি ৰক্ষা বহু পৰিয়ালৰ ঘৰ দুৱাৰঃ

ষ্টাফ ৰিপ’ৰ্টাৰ, নিউজ 4 আসামঃ চাৰিওফালে লক ডাউন চলি থকাৰ সময়তে হঠাৎ কলগাছিয়াৰ এটি বাহনিৰ বাগানত জুই জ্বলি উঠে। খবৰ পাই আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ দাউ দাউকৈ জ্বলি উঠা জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় ফলত এই ভয়াবহ অগ্নিকাণ্ডৰ পৰা বাহনিৰ ওচৰে পাজৰে থকা কেবাটাও পৰিয়ালৰ বাস গৃহ কথমপি ৰক্ষা পৰে । উল্লেখযোগ্য যে বাহনিৰ বাগান খনত কোনোবা এজন ব্যক্তিয়ে বাগান ছাফা কৰাৰ বাবে জুই লগাই দিয়াৰ পিছতে এইদৰে অগ্নিকাণ্ড সংগঠিত হয় বুলি জানিব পৰা গৈছে। বাগান ছাফা কৰাৰ বাবে জুই জ্বলাই দিয়া ব্যক্তিৰ বিৰুদ্ধে বিভিন্ন জনে নিন্দা প্ৰকাশ কৰিছে ।