The news is by your side.

জনীয়াত তিতা কেৰেলাৰ খেতিয়কৰ মাজত হাহাকাৰঃ পাচলি নিয়াৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান খেতিয়কৰঃ

ষ্টাফ ৰিপ’ৰ্টাৰ, নিউজ 4 আসামঃ পানীত হাঁহ নচৰা অৱস্থাৰ দৰে হৈছে পাচলি খেতিয়ক সকলৰ মাজত। কৰ’ণা ভাইৰাচ প্ৰতিৰোধৰ বাবে ২১ দিনীয়া লকডাউনৰ ফলত বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত বালিকুৰি, খাদাট্টাৰি, চানমামা আদি গাঁৱৰ পাচলি খেতিয়কৰ মাজত এক হাহাকাৰ পৰিবেশ বিৰাজ কৰা পৰিলক্ষিত হৈছে। খেতিয়ক সকলে কৰা হেজাৰ হেজাৰ বিঘা তিতা কেৰেলা, বেঙেনা, জলকীয়া, বন্ধা, কোমোৰা, বিলাহী, কবিকে আদি কৰি বিভিন্ন পাচলি বজাৰলৈ নিব নোৱাৰাৰ ফলত খেতিয়ক সকলৰ পাচলিবোৰ খেতিতেই পচিব ধৰিছে। খেতিয়ক সকলে পাচলি খেতিৰ জৰিয়তে পৰিয়ালৰ সৈতে জীৱন নিৰ্বাহ কৰাৰ ওপৰিও বজাৰত পাচলিৰ চাহিদা পূৰণ কৰিবলৈ সমৰ্থ হৈ ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰ খনলৈ বৰঙণি আগবঢ়াই আহিছে। ইমান খিনি লোকচানৰ সন্মুখীন হলেও খেতিয়ক সকলে লকডাউনৰ প্ৰতি জনাইছে পূৰ্ণ সমৰ্থন। খেতিয়ক সকলে চৰকাৰৰ ওচৰত মাথোঁ এটাই প্ৰাৰ্থনা জনাইছে যে, যিহেতু পাচলি সমূহ বজাৰত বিক্ৰী কৰিব নোৱাৰাৰ ফলত খেতিয়কৰ মাজত হাহাকাৰ লাগিছে তাৰ বিপৰীতে ঠাই বিশেষে আকৌ পাচলি নোপোৱাৰ ফলত হাহাকাৰ লাগিছে। এই ক্ষেত্ৰত চৰকাৰে খেতিৰ পৰাই খেতিয়ক সকলে মূৰৰ ঘাম মাটিত পেলাই উৎপাদন কৰা পাচলি সমূহ বিক্ৰী কৰাৰ সুবিধা কৰি দিবলৈ আহ্বান জনাইছে। অন্যথা বেংকৰ পৰা ধাৰ লৈ খেতি কৰা খেতিয়ক সকলে যাতে আত্মহত্যাৰ পথ বাচি ল’বলগীয়া নহয় তাৰ প্ৰতি চৰকাৰক লক্ষ্য ৰাখিবলৈ ৰাইজে আহ্বান জনাইছে।