The news is by your side.

পাতিলাদহা দাস পাৰাত মদৰ ঘাটি উচ্ছেদ কৰে আৱকাৰী বিভাগ আৰু মাণিকপুৰ আৰক্ষীয়ে।

নিউজ ডেস্ক ৰিপৰ্ট নিউজ 4 আসাম, দেশত কৰণা ভাইৰাছৰ আতংক চলি থকা সময়তে পাতিলাদহা দাস মদৰ ঘাটি উচ্ছেদ কৰে। বঙাইগাওঁ জিলাৰ মাণিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পাতিলাদহা দাস পাৰাত কন্দৰ্প দাস নামৰ ব্যক্তি এজনে নিজ ঘৰতে চুলাই মদ মজুত কৰি ৰাখি ব্যৱসায় চলাই আছিল।আজি প্ৰায় দুই বছৰ ধৰি মদ বিক্ৰী কৰি আছিল। বাৰ বাৰ ৰাইজে সকিয়নী দিয়াৰ পিছতো বন্ধ কৰা নাছিল সেই সূত্ৰে গাওঁৰ ৰাইজে তেওঁৰ ঘৰ ঘেৰাও কৰি আৱকাৰী বিভাগ আৰু মাণিকপুৰ আৰক্ষীক অৱগত কৰে। আৱকাৰী বিভাগে মাণিকপুৰ আৰক্ষীৰ সহযোগত ঘটনাস্থলীত উপস্থিত হৈ প্ৰায় ৬০ লিটাৰ মদ সহ এজনক আটক কৰি BJEX /02/20, 30/03 /2020 নম্বৰত এক গোচৰ ৰুজু কৰি জেল হজোতলৈ প্ৰেৰণ কৰে আবকাৰী বিভাগে। জানিব পৰামতে নিচেই কাষতে থকা গাও ৰক্ষী বাহিনীৰ সম্পাদক গজেন দাসৰ ঘৰ। তেও মাহিলি হিচাবত এই মদৰ ঘাটিৰ পৰা আবকাৰী বিভাগ আৰু মাণিকপুৰ আৰক্ষীৰ নামত টকা লৈ আছিল। আজিও তেওঁ মদৰ স্বত্বাধিকাৰীৰ পৰা ঘটনাটো মিলামিলি কৰি দিয়াৰ নামত দুই হাজাৰ টকা বন্দবস্তি কৰি, এক হাজাৰ টকা আগধন হিচাপে লৈ যদিও ৰাইজৰ হেচাত ঘটনাস্থলীতে স্বত্বাধিকাৰীক ঘুৰাই দিয়ে। ৰাইজে দূৰ্নীতি গ্ৰস্থ গাও ৰক্ষী বাহিনীৰ সম্পাদকৰ নিলম্বনৰ বাবে উৰ্ধতম কৰ্তৃপক্ষৰ হস্তক্ষেপ দাবী কৰিছে।