The news is by your side.

ৰঙিয়াত অঘৰী জীৱন কটোৱা একাংশ লোকক খাদ্য যোগান স্বেচ্ছাসেৱী অনুষ্ঠানৰঃ

ৰঙিয়াৰ পৰা মইদুল চৌধুৰী, নিউজ 4 আসামঃ কৰ’ণা ভাইৰাছৰ ভয়াবহতাৰ বাবে সমগ্ৰ দেশত ল’ক ডাউন কৰিছে | লকডাউনৰ সময়ত ৰঙিয়াৰ চহৰৰ বাটে-পথে অঘৰী জীৱন কটোৱা একাংশ লোকক দেখিলে হয়তো আপোনাৰো চকু পানী মচিবলগীয়া হয় । খাদ্যৰ অভাৱত কোনোবা যদি ৰাষ্টাৰ ওপৰত জিৰণি লৈছে আন কোনোবা আকৌ অনাই বনাই ঘুৰি ফুৰিছে এটা খোৱা বস্তুৰ বাবে। তেনেসময়তে ৰঙিয়াৰ জনকল্যান নামৰ স্বেচ্ছাসেৱী অনুষ্ঠান এটাৰ তিনি চাৰিজন কৰ্মীৰ দলে ল’ক ডাউন ঘোষণা কৰাৰ পৰা তেওঁলোকক পূৱা গধুলি নিতৌ খাদ্য যোগান ধৰি আহিছে । লগতে চেনিটাইজাৰ ব্যৱহাৰ কৰি লোকসকলক খাদ্য খাবলৈ দিছে । ৰঙিয়াৰ সকলো ৰাইজে জনকল্যান নামৰ স্বেচ্ছাসেৱী সংগঠনটোক শলাগ লৈছে লগতে ভূয়সী প্ৰশংসাও কৰিছে ।