The news is by your side.

চৰকাৰৰ নিৰ্দেশনাক অঙ্গুষ্ঠ প্ৰদৰ্শন একাংশ ঔষধ দোকানীৰ। কলগাছিয়াত কম্পজিচনৰ কুৱানটিটি নথকা ১০০ মি লি নকল ছেনেৰেটাইজ ১৬০/১৭০ টকা আৰু এটা মাক্স বিক্ৰী হৈছে ১৫০ টকাত। ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া।

নিউজ ডেস্ক ৰিপৰ্ট নিউজ 4 আসাম, যি সময়ত সমগ্ৰ বিশ্বক কৰ’ণা ভাইৰাচৰ আতংকই কঁপনি তুলিছে আৰু সাধাৰণ ৰাইজৰ নিদ্ৰা হৰণ হৈছে। তেনে সময়তে কলগাছিয়াৰ একাংশ ঔষধৰ দোকানীয়ে ভুতৰ ওপৰত দানহ পৰাদি সাধাৰণ ৰাইজক চলাইছে লুন্ঠনৰাজ। কলগাছিয়াৰ এম/এচ নাছিফ ড্ৰাগচ্ ডিচট্ৰিবিটৰচৰ সত্বাধিকাৰ হান্নান আলীয়ে কোনো কম্পজিচনৰ কুৱানটিটি নথকা ১০০ মি লি এটা ছেনেৰেটাইজ ১৬০/১৭০ টকাত বিক্ৰী কৰাত কলগাছিয়া ৰাইজৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে। ইমানেই নহয় গ্ৰাহকৰ পৰা এটা মাক্সৰ দাম দোকানী গৰাকীয়ে ১৫০ টকাকৈ বিচৰাৰো অভিযোগ পোৱা গৈছে। যি সময়ত চৰকাৰে ২০০ মি লি এটা ছেনেৰেটাইজ সৰ্বাধিক ১০০ টকাত বিক্ৰী কৰিবলৈ নিৰ্দেশ দিছে তেনেক্ষেত্ৰত চৰকাৰৰ নিৰ্দেশনাক অঙ্গুষ্ঠ প্ৰদৰ্শন কৰি নকল ছেনেৰেটাইজ অধিক দামত বিক্ৰী কৰাত সহজ ভাৱে ল’ব বিচৰা নাই কলগাছিয়াৰ ৰাইজে। তদন্ত সাপেক্ষে এনে সুবিধাবাদী দোকানীৰ বিৰুদ্ধে চৰকাৰক দৃষ্টান্ত মূলক পদক্ষেপ ল’বলৈ ৰাইজে আহ্বান জনাইছে।