The news is by your side.

মাণিকপুৰ মহকুমাৰ ৰাজহ বিষয়াৰ নিৰ্দেশ মৰ্মে পাতিলাদহা অৰ্দ্ধ সাপ্তাহিক বজাৰ বন্ধ কৰে আৰক্ষীয়েঃ

নিউজ ডেস্ক, নিউজ 4 আসামঃ বিশ্বত ত্ৰাসৰ সৃষ্টি কৰা এই দূৰাৰোগ্য মাৰাত্মক কৰ’ণা ভাইৰাছক প্ৰতিহত কৰাৰ বাবে অসম চৰকাৰে হাট বজাৰ, ৰাজহুৱা সমাবেশ বন্ধ ৰখাৰ যি নিৰ্দেশ দিছে সেই নিৰ্দেশ মৰ্মে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে সকলো হাট বজাৰ বন্ধ হৈ পৰে। একেদৰে আজি বঙাইগাঁও জিলাৰ মাণিকপুৰ থানাৰ অন্তৰ্গত পাতিলাদহা অৰ্দ্ধ সাপ্তাহিক বজাৰ ৰাতিপুৱা ৬ বজাৰ পৰা শাক পাচলিৰ বজাৰ আৰম্ভ হৈছিল যদিও মাণিকপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ধনঞ্জয় দাসৰ তৎপৰতাত আৰু মাণিকপুৰ ৰাজহ বিভাগৰ দ্বাৰা মাইকেৰে ঘোষনা কৰাৰ ফলত বজাৰ বন্ধ হৈ যায়। ইয়াৰোপৰি ২৪ মাৰ্চ সন্ধিয়া ৬ বজাৰ পৰা চৰকাৰে যি লকডাউন ঘোষনা কৰিছে তাৰ প্ৰতি সম্পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।