The news is by your side.

কৰ’ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে সজাগতা সভাঃ ৰাইজৰ মাজত মাস্ক বিতৰণঃ

নিউজ ডেস্ক, নিউজ 4 আসামঃ দেশজুৰি কৰ’ণা ভাইৰাছৰ আতংক চলি থকাৰ সময়তে উত্তৰ অভয়াপুৰী সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি ৰমেজ উদ্দিনে এই ভাইৰাছ প্ৰতিৰোধৰ বাবে লৈছে বিশেষ পদক্ষেপ। ৰমেজ উদ্দিনে বঙাইগাঁও জিলাৰ কীত্তৰ্নপাৰাত এক সজাগতা সভা অনুষ্ঠিত কৰাৰ লগতে গাঁও অঞ্চলৰ ৰাইজৰ মাজত যথেষ্ট সংখ্যক মাস্ক বিনামূলীয়াকৈ বিতৰণ কৰে। লগতে কৰ’ণা ভাইৰাছৰ পৰা কেনেদৰে সজাগ হৈ বাচিব পাৰি সেই বিষয়ে লোক সকলৰ মাজত ভাষণ দিয়ে আৰু চৰকাৰে বলবৎ কৰা প্ৰতিটো নিয়ম মানি চলিব লাগে বুলি পৰামৰ্শ দিয়ে যুৱ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে । স্হানীয় লোকসকলে ৰমেজ উদ্দিনৰ এই কাৰ্য্যক প্ৰশংসা কৰিছে। ৰমেজ উদ্দিনে অনাগত দিন সমূহতো এই অভিযান অব্যাহত ৰাখিব বুলি জানিব দিয়ে। আনকি লকডাউন মানিবলৈ সকলোকে আহ্বান জনায় যুৱ কংগ্ৰেছৰ সভাপতি ৰমেজ উদ্দিনে।