The news is by your side.

জনীয়াৰ বাংলীপাৰাত কৰ’ণাৰ আতংকঃ বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব নিদিয়াৰ অভিযোগঃ

ষ্টাফ ৰিপ’ৰ্টাৰ, নিউজ 4 আসামঃ বৰপেটা জিলাৰ জনীয়া গাওঁ পঞ্চায়তৰ এলেকাধীন বাংলীপাৰা গাঁৱৰ ওচমান গনি কৰ’ ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত সমগ্ৰ জনীয়া অঞ্চলব্যাপী আতঙ্কৰ সৃষ্টি হৈছে। ওচমান গনি কৰ্মসূত্ৰে কেৰেলাত থাকে। তেওঁ যোৱা ১৫ মাৰ্চত কেৰালাৰ পৰা ঘৰলৈ ৰাওণা হয় যদিও বৰপেটা ৰোড ৰেল ষ্টেচনৰ পৰা শাৰীৰিক পৰীক্ষাৰ পৰা পলায়ন কৰে। খবৰ পাই বঙাইগাঁও ৰেলৱে আৰক্ষী ওচমান গনিক বিচাৰি আহে যদিও গনিয়ে আৰক্ষীক সাক্ষাত নিদিলে। কোনো মানুহ আহিলেও তেওঁ ঘৰৰ পৰা পলায়ন কৰা বুলি জানিব দিয়ে পৰিয়ালৰ লোকে । এনে কিছুমান ঘটনাৰ বাবে গাওঁবাসীৰ মনত সন্দেহ ঘনীভূত হোৱাই নহয় অঞ্চলব্যাপী তীব্ৰ আতংকৰো সৃষ্টি কৰিছে। ঘটনা সন্দৰ্ভত গাঁৱৰ সচেতন লোকে বৰপেটা আৰক্ষী প্ৰশাসন, বাঘবৰ ৰাজহ চক্ৰৰ কাৰ্যালয়ৰ লগতে চিকিৎসকৰ লগতো যোগাযোগ কৰে যদিও কোনো ফালৰ পৰাও ইতিবাচক সহাৰি নাপাই গাওঁবাসী তীব্ৰ আতংকত ভোগা পৰিলক্ষিত হৈছে। উক্ত ওচমান গনিৰ আত্মীয়ৰ পৰা ঘটনা সন্দৰ্ভত জানিব বিচাৰিলেও সময় বিশেষে বিভিন্ন ধৰণৰ মন্তব্য প্ৰদানত অধিক সন্দেহ ঘনীভূত হৈছে। অৱশ্যে ওচমান গনিয়ে কোৱা মতে তেওঁক কৰ’ণা ভাইৰাছে আক্ৰান্ত কৰা নাই। এই ক্ষেত্ৰত গাওঁবাসীয়ে ওচমান গনিৰ শৰীৰ পৰীক্ষা কৰাৰ বাবে প্ৰশাসনক প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণৰ দাবী জনাইছে। স্থানীয় গাওঁ বুঢ়াও শৰীৰ পৰীক্ষা কৰাৰ পৰামৰ্শ আগবঢ়োৱাৰ বিপৰীতে ওচমান গনিক ৰাইজৰ সংস্পৰ্শলৈ যাবলৈ মানা কৰাৰ অভিযোগ খণ্ডন কৰি গাওঁ বুঢ়া গৰাকীয়ে কয় যে, খবৰ পোৱা মাত্ৰকেই গাওঁ বুঢ়াই বিভাগীয় কতৃপক্ষক অৱগত কৰিছে। এই বাতৰি পৰিবেশন হোৱাৰ পাছত বিভাগীয় কতৃপক্ষই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ’ব।