The news is by your side.

মাণিকপুৰ মহকুমাধিপতি কাৰ্যালয়ত কৰ’ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে বিশেষ সজাগতা সভাঃ

মাণিকপুৰ, নিউজ 4 আসামঃ মাণিকপুৰ মহকুমাধিপতি কাৰ্যালয়ত কৰ’ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে বিশেষ সজাগতা সভা। মাণিকপুৰ মহকুমাধিপতি ৰিতুপৰ্ণ দাসৰ উদ্যোগত অনুষ্ঠিত হোৱা সজাগতা সভাত মাণিকপুৰ অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ মুৰব্বী সকল, সাংবাদিকৰ লগতে মাণিকপুৰ আদৰ্শ চিকিৎসালয়ৰ চিকিৎসক ডাঃ ধ্ৰুৱজ্যোতি শৰ্মা আৰু ডাঃ জয়ন্ত ডেকা, মাণিকপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া ধনঞ্জয় দাস উপস্থিত থাকে।

উক্ত সভাত কৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰাৰ বাবে কিদৰে ৰাইজৰ মাজত সজাগতা আনিব লাগিব তাৰ ওপৰত আলোচনা কৰাৰ লগতে গাঁৱে গাঁৱে গৈ মাইকযোগে সজাগতামূলক ভাৱে প্ৰচাৰ কৰাৰ বাবে সিদ্ধান্ত লোৱা হয়। মাইকযোগে প্ৰচাৰ কৰিবলগীয়া সজাগতামূলক বাৰ্তা কেইটা এনেধৰণৰঃ
প্ৰতিখন দোকানৰ সন্মুখত হেণ্ডৱাচ আৰু চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব।
দোকানৰ সন্মুখত মানুহৰ সমাগম হব নালাগিব।
৩১ মাৰ্চলৈ ৰাজহুৱা বজাৰ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বন্ধ ৰাখিবলৈ আহ্বান।
৩১ মাৰ্চলৈ বিবাহ, জন্মদিনৰ পাৰ্টি আদি কৰি যিকোনো সমাগম হব পৰা অনুষ্ঠান বাতিল।
প্ৰতিগৰাকী ব্যক্তিৰ মাজত কমেও এক মিটাৰ দূৰত্ব বজাই ৰাখিবলৈ আহ্বান।