The news is by your side.

কৰ’না ভাইৰাছৰ ভয়াবহতা ৰোধৰ বাবে জনতাৰ কাৰ্ফিউৰ প্ৰভাৱ সৰ্বাত্মকঃ

ব্যুৰো নিউজ, নিউজ 4 আসামঃ আজি সমগ্ৰ দেশ ব্যাপী কৰ’না ভাইৰাছৰ ভয়াবহতা ৰোধ কৰাৰ বাবে প্ৰধান মন্ত্ৰীয়ে আহ্বান কৰা জনতাৰ কাৰ্ফিউৰ প্ৰভাৱ সৰ্বাত্মক ৰূপে পালিত হৈছে দেশৰ প্ৰতিখন ৰাজ্যত, প্ৰতিখন জিলাত। ইয়াৰ সমান্তৰালকৈ স্বতঃস্ফুত ভাৱে বন্ধ হৈ পৰিছে কলগাছিয়া। চাৰিওফালে দোকান পোহাৰ বন্ধ হৈ পৰিছে। জনশূন্য হৈ পৰিছে কলগাছিয়াৰ মইনবৰী, বাঘবৰ, মন্দিয়া আদি এলেকা। বৰপেটা জিলাৰ বৰপেটা সদৰ, বৰপেটাৰোড, সৰভোগ আদিৰ সমান্তৰালকৈ বঙাইগাওঁ জিলাৰ মাণিকপুৰ, কীৰ্ত্তন পাৰাতো জনতাৰ কাৰ্ফিউৰ সৰ্বাত্মক প্ৰভাৱ পৰিছে। মাণিকপুৰৰ দোকান পোহাৰ বন্ধ ৰখাৰ লগতে সাপ্তাহিক বজাৰো বন্ধ হৈ পৰে। ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথটো হৈ পৰে শূণ্য। কৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰাৰ বাবে প্ৰতিজনে নিজকে কৰি লৈছে গৃহবন্দী।একেদৰে জনতা কাৰ্ফিউ প্ৰতি পূৰ্ণ সমৰ্থন ৰঙিয়াৰ জনতাৰ। কৰ’ণা ভাইৰাছৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীয়ে আহবান জনোৱা বন্ধৰ জনতাৰ কাৰ্ফিউৰ প্ৰতি সমৰ্থন জনাইছে ৰঙিয়াৰ জনতাই। ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ লগতে ৰঙিয়াতো স্তব্ধ হৈ পৰিছে জনজীৱন। ৰঙিয়াৰ সকলো দোকান পোহাৰ বন্ধ হৈছে। ৰঙিয়াৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত সম্পূৰ্ণভাৱে বন্ধ হৈ পৰিছে । ঘৰৰ ভিতৰতে আৱদ্ধ হৈ পৰিছে জনতা সকল। ইফালে জনতা কাৰ্ফিউৰ দিনাই ৰঙিয়াৰ ৰেল ষ্টেচনত আবদ্ধ শ শ যাত্ৰী। বহিঃৰাজ্যৰ পৰা আহিছে শ-শ যাত্ৰী। যাৰ ফলত সৃষ্টি হৈছে ৰেল ষ্টেচনত হাহাকাৰ পৰিস্থিতি। অসমৰ বিভিন্ন প্ৰান্তলৈ যাবলৈও ৰৈ আছে বহু যাত্ৰী। ৰেল বাতিল কৰাৰ পিছত যাত্ৰী সকল ৰঙিয়া ৰেল ষ্টেচনত আবদ্ধ হৈ থাকিবলগীয়া হৈছে।

ইফালে যাত্ৰী সকলৰ মাজত কৰ’ণা ভাইৰাছৰ সজাগতা সৃষ্টি কৰি যাত্ৰী সকলক পৰীক্ষা কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৰঙিয়া ৰেল কতৃপক্ষই।