The news is by your side.

সমগ্ৰ অসমৰ লগতে বৃহত্তৰ মাণিকপুৰ অঞ্চলত জনতা কাৰফিউ সৰ্বাত্মকঃ

নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 4 আসামঃ বিশ্বৰ সকলো ৰাষ্ট্ৰতে ভয়াবহ ভাবে আতঙ্কৰ সৃষ্টি কৰা কৰ’ণা ভাইৰাছক প্ৰতিহত কৰাৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাতিপুৱা ৭ বজাৰ পৰা ৰাতি ৯ বজালৈ আহ্বান জনোৱা জনতা কাৰফিউ সমগ্ৰ অসমৰ লগতে বৃহত্তৰ মাণিকপুৰ অঞ্চলৰ লগতে মাণিকপুৰ দাতিকাষৰীয়া ভিতৰুৱা গাওঁ পাতিলাদহা, লুংঝাৰ, শালমাৰা, চকিহালী, বালাপেট, নোৱাগাও, ভাটিপাৰা, ছালাবিলা, কীৰ্তনপাৰা, বালাৰচৰ আদি কৰি সকলো গাঁৱৰ যাতায়ত ব্যৱস্থা, ব্যৱসায় বাণিজ্য, দোকান পোহাৰ আদি বন্ধ ৰখাৰ লগতে মানুহৰ সমাগমৰ পৰা বিৰত থাকি এই জনতা কাৰফিউ সৰ্বাত্মক ভাবে পালন কৰি কৰ’ণা ভাইৰাছৰ বংশ বৃদ্ধিৰ বাধা স্বৰূপে এক ইতিবাচক দায়িত্ব পালন কৰে।