The news is by your side.

মাণিকপুৰৰ পালেংবাৰীত কৰণা ভাইৰাছৰ বিৰুদ্ধে সজাগতা সভা।

নিউজ ডেস্ক ৰিপৰ্ট নিউজ 4 আসাম :বিশ্বত মহামাৰী ৰূপ ধাৰণ কৰা কৰণা ভাইৰাছৰ পৰা কেনেকৈ হাত হাৰিব পাৰি সেই বিষয়ে বঙাইগাঁও জিলাৰ ১/২ নং পালেংবাৰীত এক সজাগতা সভা অনুষ্ঠিত কৰি প্ৰায় ৫০০ জনক ডেটল ছাৱন বিতৰণ কৰে গুৱাহাটী সন্দিকৈ মহাবিদ্যালয়ৰ প্ৰৱক্তা সান্তাশ্ৰী ভূঞাই। লগতে ১ মিটাৰ দূৰত্ব বজাই ৰাখি কথোপকথন কৰাৰ বাবে পৰামৰ্শ দিয়ে। ইয়াৰোপৰি ২২ মাৰ্চ ৰাতিপুৱাৰ পৰা সন্ধিয়ালৈকে দেশৰ প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰা জনতা কাৰফিউ পালন কৰি, বাদ্য বাদনা বজাই সহানুভূতি জনাবলৈ আহ্বান জনায়।ঘৰত নিজেই কৰণা ভাইৰাছৰ প্ৰতিষেধক প্ৰস্তুত কৰি কেনেদৰে ব্যৱহাৰ কৰিব লাগে সেই বিষয়ে নিজে প্ৰস্তুত কৰি ৰাইজক দেখুৱায়। তেখেতৰ এই গঠন মূলক কাৰ্যক ভূয়সী প্ৰশংসা কৰে লগতে ভৱিষ্যত উজ্জ্বল কামনা কৰে।