The news is by your side.

৩ কেজি ব্ৰয়লাৰৰ দাম ১০০ টকাঃ গ্ৰাহকৰ মাজত হেতা-ওপৰাঃ

ষ্টাফ ৰিপ’ৰ্টাৰ, নিউজ 4 আসামঃ ব্ৰইলাৰ মুৰ্গী খালে ক’ৰণা ভাইৰাচে আক্ৰান্ত কৰাৰ আতংকত খাবলৈ এৰিছে অনেকেই ব্ৰইলাৰ মুৰ্গী। এই ক্ষেত্ৰত দুখীয়া মানুহে হেঁপাহ পলুৱাই এসাজ খাবলৈ সুযোগ পাই হেতাওপৰা লগাইছে কলগাছিয়া বজাৰৰ ব্ৰইলাৰ মুৰ্গীৰ দোকানত। কৰ’ণা ভাইৰাচৰ বাতৰি বিয়পি নপৰাৰ আগত প্ৰতি কিলোগ্ৰাম ব্ৰইলাৰ মুৰ্গীৰ দাম আছিল এশ টকাৰ পৰা এশ বিছ টকাৰ ভিতৰত। বৰ্তমান সেই একেই ব্ৰইলাৰ মুৰ্গীৰ দাম তিনি কেজি হ’লেও গোট হিচাপত এশ টকা নাইবা পঞ্চাশ টকা কেজি। সস্তাত পোৱাত ব্ৰইলাৰ মুৰ্গীৰ দোকানত সাধাৰণতে গ্ৰাহকৰ ভিৰ দেখা গৈছে।

দুখীয়া আৰু সজাগতাৰ অভাৱ থকা মানুহে এই ভিৰ কৰিছে বুলি ৰাইজে সংবাদ মাধ্যমক জনাইছে। অৱশ্যে ব্ৰইলাৰ মুৰ্গী খাবলৈ চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ নিষেধাজ্ঞা বৰ্তমান পৰ্যন্ত জাৰি কৰা বুলি জানিব পৰা হোৱা নাই। ব্ৰইলাৰ মুৰ্গীৰ মাংস খালে কৰ’ণা ভাইৰাচে আক্ৰান্ত কৰিব বুলি ওলোৱা এই অপ-প্ৰচাৰৰ বাবে ব্ৰইলাৰ মুৰ্গীৰ ব্যবসায়ৰ লগত জড়িত প্ৰতি গৰাকী ব্যবসায়ী যথেষ্ঠ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে।