The news is by your side.

জৰাজীৰ্ণ গড়কাপ্তানি পথে জলাকলা খোৱাইছে পথচাৰীকঃকানসাৰ নাই চৰকাৰ আৰু জনপ্ৰতিনিধিৰঃ

ষ্টাফ ৰিপ’ৰ্টাৰ, নিউজ 4 আসামঃ কলগাছিয়াৰ কৰাৰকুৰৰ পৰা কলগাছিয়া চহৰলৈ যোৱা গড়কাপ্তানি পথৰ জৰাজীৰ্ণ অৱস্থাই জলাক’লা খোৱাইছে পথচাৰী আৰু ছাত্ৰ-ছাত্ৰীক। যোৱা বাৰিষাত পথটোৰ কেইবা ঠাইত খহি যোৱাৰ লগতে সৃষ্টি হৈছে পুখুৰী সদৃশ গাতৰ। কলগাছিয়া অঞ্চলৰ ৰাইজ বৰপেটা সদৰলৈ যোৱা পথটোত ঘনেপ্ৰতি হৈ আহিছে সৰু-বৰ দূৰ্ঘটনা। ছাত্ৰ-ছাত্ৰী সকলৰো স্কুল-কলেজলৈ যোৱাৰ ক্ষেত্ৰত সন্মুখীন হৈ আহিছে ভীষণ অসুবিধাৰ। এই ক্ষেত্ৰত চৰকাৰ আৰু জনপ্ৰতিনিধিয়ে কোনো গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই। স্থানীয় ৰাইজে পথটো অতি সোনকালে মেৰামতি কৰিলৈ চৰকাৰ, জনপ্ৰতিনিধিৰ লগতে বৰপেটা জিলা গড়কাপ্তানি বিভাগক অনুৰোধ জনাইছে।