The news is by your side.

চৰকাৰে অখিল গগৈলৈ ভয় কৰি ষড়যন্ত্ৰ মূলকভাৱে পুনৰ গ্ৰেপ্তাৰ কৰিছে – আশ্ৰাফুল ইছলাম

ষ্টাফ ৰিপ’ৰ্টাৰ, নিউজ 4 আসামঃ কৃষক নেতা অখিল গগৈক ৰাজনৈতিকভাৱে ভয় কৰে চৰকাৰে। যাৰবাবে ২০২১ চনৰ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে কৃষক নেতা অখিল গগৈক মুকলি আকাশৰ তললৈ আহিব দিব খোজা নাই চৰকাৰে। দীৰ্ঘদিন কাৰাবন্দী কৰাৰ লক্ষ্যৰে পুনৰ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি দি কৃষক নেতা অখিল গগৈক NSAত গ্ৰেপ্তাৰৰ ষড়যন্ত্ৰ চৰকাৰৰ। আজি কলগাছিয়াত সংবাদমাধ্যমৰ আগত এইদৰে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে ছাত্র মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি আশ্ৰাফুল ইছলামে।