The news is by your side.

মাণিকপুৰত কোৰোনাত আক্ৰান্তৰ সন্দেহ তিনি যুৱকক। বেংগালুৰুৰ পৰা অহা যুৱক তিনি জনৰ মাণিকপুৰ চিকিৎসালয়ত লোৱা হৈছে তেজৰ নমুনা। জ্বৰত আক্ৰান্ত হৈ আছে যুবক সকল। আছুতীয়া কোঠাত থকাৰ পৰামৰ্শ চিকিৎসকৰ।

নিউজ ডেস্ক ৰিপৰ্ট নিউজ 4 আসাম :বঙাইগাঁও জিলাৰ মাণিকপুৰত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহত তিনিজনকৈ যুবকৰ তেজৰ নমুনা সংগ্ৰহ কৰিছে মাণিকপুৰ চিকিৎসকে। বাংগালুৰুৰ এখন হোটেলত কাম কৰি অহা তিনি যুবক আজি তিনিচুকীয়া এক্সপ্ৰেছ ৰেলৰে আহি নিউ বঙাইগাওঁ জংছনত নামি তাতে চিকিৎসকৰ চকুত ধুলি মাৰি পলায়ন কৰি মাণিকপুৰত উপস্থিত হয়। তাৰ পিছতে বঙাইগাঁৱৰ পৰা ফোনযোগে মাণিকপুৰত খবৰ দিয়াৰ পিছত মাণিকপুৰত যুবক তিনি জনক ধৰি মানিকপুৰ আদৰ্শ চিকিৎসালয়ত ভৰ্ত্তি কৰি তেজৰ নমুনা সংগ্ৰহ কৰি চিকিৎসকে ১০৮ এম্বুলেঞ্চ গাড়ীৰে ঘৰত যোৱাৰ ব্যৱস্থা কৰি দিয়ে যদিও ঘৰত আছুতীয়া কোঠাত থকাৰ পৰামৰ্শ প্ৰদান কৰে। যুবক তিনি জন ক্ৰমে মাণিকপুৰৰ শিলঘাগৰীৰ আক্কাছ আলী, বাংলাপাৰাৰ নুৰ হুছেইন আৰু ৫নং বাশবাৰীৰ সহিদুল মিয়া। উল্লেখ্য যে যুবক তিনিজন সম্প্ৰতি জ্বৰ, চৰ্দি, কাহত ভুগি আছে বুলি জানিব পৰা গৈছে।