The news is by your side.

কলগাছিয়াৰ এগৰাকী মহিলা নিৰুদ্দেশঃ আৰক্ষী থানাত গোচৰ ৰুজুঃ

ষ্টাফ ৰিপ’ৰ্টাৰ, নিউজ 4 আসাম, ৪ ডিচেম্বৰঃ বৰপেটা জিলাৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত টাপাজুলি পাথাৰ গাঁওৰ আব্দুছ ছামাদৰ মাতৃ ছাবিৰণ নেছা (৫১) যোৱা ২৭ নবেম্বৰৰ দিনা ঘৰৰ পৰা নিৰুদ্দেশ হৈছে। ঘটনা সংঘটিত হোৱাৰ দিনৰ পৰাই ছাবিৰণ নেছাৰ পৰিয়াল বৰ্গৰ সকলোৱে আত্মীয় স্বজনৰ ঘৰত বিচাৰ খোচাৰ কৰি কতো সন্ধান নোপোৱাত ছাবিৰণ নেছাৰ পুত্ৰ তথা পৰিয়ালবৰ্গ চিন্তিত হৈ পৰিছে। শেষত উপায়ন্তৰ হৈ যোৱা ৩ ডিচেম্বৰত কলগাছিয়া আৰক্ষী থানাত এটি গোচৰ ৰুজু কৰিছে নিৰুদ্দেশ হোৱা মহিলা গৰাকীৰ পুত্ৰ আব্দুছ ছামাদে । যদি কোনো সদাশয় লোকে ফটোত দেখা মহিলাগৰাকীৰ সন্ধান পায় তেন্তে কলগাছিয়া আৰক্ষী থানা নাইবা 9365811743 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে পৰিয়ালৰ লোকে।