The news is by your side.

কলগাছিয়াৰ ৰুভি গাঁৱত বোৱাৰীৰ ৰহস্যজনক মৃত্যুঃ হত্যা কৰি আম গছত ওলোমাই ৰখাৰ সন্দেহ আত্মীয়ৰঃ

ষ্টাফ ৰিপ’ৰ্টাৰ, নিউজ 4 আসাম, ৩ ডিচেম্বৰঃ কলগাছিয়াৰ ৰুভি গাঁৱত বোৱাৰীৰ ৰহস্যজনকভাৱে মৃত্যু।

হত্যা কৰি আম গছত ওলোমাই ৰখাৰ সন্দেহ আত্মীয়ৰ। উল্লেখযোগ্য যে, সাত বছৰ পূৰ্বে ছাপৰা গাৱৰ তজিমুদ্দিনৰ কন্যা নিলিমা খাতুন (33)ৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত ৰুভি গাৱৰ অব্দুল মিঞাৰ পুত্ৰ মনিৰ উদ্দিনৰ লগত বিয়া হৈছিল। জানিব পৰা মতে বিয়াৰ পিছৰে পৰাই স্বামী মনিৰ উদ্দিনে পত্নী নিলিমা খাতুনক যৌতুক বিচাৰি অত্যাচাৰ চলাই আহিছিল। বিয়াৰ পিছত আজিলৈ সন্তান জন্ম হোৱা নাই দম্পত্বী হালৰ। ফলত এক অশান্তিৰ সৃষ্টি হৈছিল পৰিয়ালটোত। নিলিমাক এৰি অন্য ছোৱালীক বিয়া পাতিব বুলি ভাবুকিও দিছিল মনিৰ উদ্দিনে।

যোৱা নিশা হঠাৎ বোৱাৰী গৰাকীৰ মৃত্যুৱে ৰহস্যৰ সৃষ্টি কৰিছে। ইফালে বোৱাৰী গৰাকীৰ স্বামী মনিৰ উদ্দিনে হত্যা কৰি আম গছত ওলোমাই আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা চলাইছে বুলি অভিযোগ কৰিছে নিলিমাৰ পিতৃ পৰিয়ালৰ লোকে। অৱশ্যে আৰক্ষীৰ তদন্তত হে ওলাই পৰিব আচল ৰহস্য।