The news is by your side.

চাৰি সন্তানসহ এগৰাকী মহিলা নিৰুদ্দেশঃ প্ৰায় এমাহতো সন্ধান উলিয়াব নোৱাৰিলে হাউলীৰ আৰক্ষীয়েঃ

ষ্টাফ ৰিপ’ৰ্টাৰ, নিউজ 4 আসাম, ২ ডিচেম্বৰঃ বৰপেটা জিলাৰ হাউলী আৰক্ষী থানাৰ অন্তৰ্গত বৰবালা গাঁওৰ চাৰি সন্তানসহ এগৰাকী মহিলা নিৰুদ্দেশ হৈ আছে। জানিব পৰা মতে বৰবালা গাঁওৰ আব্দুল কাদেৰৰ পুত্ৰ শ্বহিদুল ইছলামৰ স্ত্ৰী হালিমা খাতুন (৩০) যোৱা ৫ নৱেম্বৰৰ দিনা সন্ধিয়া চাৰি সন্তানসহ ঘৰৰ পৰা নিৰুদ্দেশ হৈছে।

বেতবাৰী বৰবালা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাৰ্থী ক্ৰমে শ্বাহিদা খাতুন পঞ্চম শ্ৰেণী (১১) শ্বাহানুৰ আলম চতুৰ্থ শ্ৰেণী( ৯) শ্বাহিনা খাতুন দ্বিতীয় শ্ৰেণী (৭) আৰু জামিলা খাতুন প্ৰথম শ্ৰেণী পাঁচ বছৰৰ চাৰিগৰাকী কন্যা আৰু পুত্ৰৰ সৈতে নিৰুদ্দেশ শ্বহিদুল ইছলামৰ স্ত্ৰী হালিমা খাতুন। ঘটনা সংঘটিত হোৱাৰ দিনাৰ পৰা শ্বহিদুলৰ পৰিয়ালে হালিমাৰ পিতৃগৃহৰ ওপৰিও সকলো আত্মীয়-স্বজনৰ ঘৰত বিচাৰ-খোচাৰ কৰি ক’তো সন্ধান নোপোৱাত এই সম্পৰ্কে শ্বহিদুল ইছলামৰ পিতৃ আব্দুল কাদেৰে যোৱা ১০ নৱেম্বৰত হাউলী আৰক্ষী থানাত এটি গোচৰ ৰুজু কৰিছে। প্ৰায় এমাহতো কোনো সন্ধান নোপোৱাত পুত্ৰ-কন্যা আৰু নাতি-নাতিনীক কাষত নাপাই শোকত ভাঙি পৰিছে পৰিয়ালবৰ্গ। কোনো সদাশয় লোকে মহিলাগৰাকীৰ লগতে চাৰি সন্তানৰ সম্ভেদ পালে হাউলী আৰক্ষী থানা নাইবা পৰিয়ালৰ ৬০০০৫৩০২০৫ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে দিশহাৰা এই পৰিয়ালটোৱে।