The news is by your side.

বিলাসীপাৰা হাতীপোতাত ৩৫ লাখ টকাৰে বজাৰ গৃহৰ শুভ উদ্বোধনঃ

বিলাসীপাৰাৰ পৰা জহিৰুল ইছলাম, নিউজ 4 আসাম, ২ ডিচেম্বৰঃ ধুবুৰী জিলাৰ ২৭ নং বিলাসীপাৰা পূৱ বিধান সভাৰ সমষ্টিৰ বিধায়ক শ্ৰীযুত অশোক কুমাৰ সিংহীৰ উদ্যোগত আজি বিলাসীপাৰা হাতীপোতা তথা বিভিন্ন চৰঞ্চলৰ কৃষকৰ জলকীয়া বজাৰত

৩৫ লাখ টকাৰ আবন্টন দি এটি বজাৰ গৃহৰ কাম শুভ উদ্বোধন কৰে। উক্ত উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকে বিলাসীপাৰা টাউন কমিটিৰ চেয়াৰমেন দ্বীপ শৰ্মা, বিলাসীপাৰা মহকুমাধিপতি, নায়েৰ আলগা চৰ উন্নয়ন প্ৰকল্পৰ বিষয়া আব্দুল আউয়াল, শগুনমাৰী গাওঁ পঞ্চায়তৰ সভাপতি আতোৱাৰ হোসেন আদিকে ধৰি বহুতো গন্য মান্য ব্যক্তি আৰু এই অঞ্চলৰ ৰাইজ।

ইয়াৰ উপৰিও উদ্বোধনী অনুষ্ঠানটোত অসমৰ বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ গীত পৰিবেশন কৰি অহা কন্ঠশিল্পী কোকিলা সৰকাৰে গীত পৰিবেশন কৰি অনুষ্ঠানটোত উপস্থিত থকা ৰাইজৰ মন আপ্লুত কৰে।