The news is by your side.

লাংলা ছিনিয়ৰ মাদ্ৰাছাৰ অধীক্ষকৰ দূৰ্নীতি ফাদিলঃ ৯ টা কম্পিউটাৰৰ ৮ টা কম্পিউটাৰেই বিকলঃ মেৰামতি নকৰাকৈ ৰচিদ দাখিল দূৰ্নীতিগ্ৰস্ত অধীক্ষকৰঃ

ষ্টাফ ৰিপ’ৰ্টাৰ, নিউজ 4 আসাম, ৩০ নৱেম্বৰঃ বৰপেটা জিলাৰ লাংলা ছিনিয়ৰ মাদ্ৰাছাৰ ভাৰপ্ৰাপ্ত অধীক্ষক আব্দুৰ ৰৌফৰ এক ভয়ংকৰ দূৰ্নীতি পোহৰলৈ আহিছে।

মাদ্ৰাছাখনৰ মুঠ ৯ টা কম্পিউটাৰৰ ৮টা কম্পিউটাৰেই বিকল হৈ আছে। অথচ এই বিকল কম্পিউটাৰ কেইটা মেৰামতি কৰাৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে ১ বছৰ পূৰ্বেই প্ৰদান কৰিছিল ২৪ হেজাৰ টকা। এটা কম্পিউটাৰেৰেই ছাত্ৰ-ছাত্ৰীক শিক্ষা দি আহিছে যদিও আজিকোপতি অধীক্ষক গৰাকীয়ে কম্পিউটাৰ কেইটা মেৰামতি কৰা নাই।

বৰঞ্চ আশ্চৰ্যজনক ভাৱে অধীক্ষক গৰাকীয়ে কম্পিউটাৰ মেৰামতিৰ ৰচিদ দাখিল কৰিছে। এখন ছিনিয়ৰ মাদ্ৰাছাৰ মূৰব্বীৰ এনে কাণ্ডই সচেতন মহলৰ চকু কপালত তুলিছে। এই দূৰ্নীতিত কম্পিউটাৰ শিক্ষয়িত্ৰী ছানিয়াৰা খাতুনৰ লগতে মাদ্ৰাছাখনৰ পৰিচালনা সমিতিৰ সভাপতি গৰাকীও জড়িত থকা বুলি সচেতন মহলে সন্দেহ প্ৰকাশ কৰিছে।

এই ক্ষেত্ৰত তদন্ত সাপেক্ষে এই দূৰ্নীতিৰ লগত জড়িত সকলৰ বিৰূদ্ধে উচিত শাস্তি কামনা কৰিছে। ইপিনে মাদ্ৰাছাখনত সাংবাদিক উপস্থিত হোৱাত কালিৰে পৰা কম্পিউটাৰ ঠিক হৈ যাব বুলি ঘোষণা কৰে।