The news is by your side.

মাণিকপুৰত শিক্ষক সকলৰ প্ৰতিবাদী কাৰ্য্যসূচীঃ

মাণিকপুৰ, ৩০ নৱেম্বৰঃ বঙাইগাঁও জিলাৰ মাণিকপুৰ শিক্ষা খণ্ডৰ সন্মুখত সৰ্বভাৰতীয় শিক্ষক সন্মিলনীৰ আহ্বানত অসম শিক্ষক সন্মিলনীৰ সহযোগত আজি ৰাতিপুৱা ১০ বজাৰ পৰা ১ বজালৈ তিনিঘণ্টীয়া ধৰ্ণা কাৰ্য্যসুচী ৰূপায়ন কৰে। শিক্ষকসকলৰ নতুন পেন্সন নীতি বাতিল কৰি পুৰনা পেন্সন নীতি বাহাল ৰখা আৰু সকলো প্ৰকাৰৰ ঠিকাভিত্তিক আৰু বেতন নোপোৱা শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰা, প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আৰু স্নাতক ডিগ্ৰীধাৰী শিক্ষকৰ দৰমহা বিধি অনুসৰি দৰমহা আদায় দিয়া আদি কৰি বিভিন্ন দাবী সন্মুখত ৰাখি এই ধৰ্ণা কাৰ্য্যসুচী ৰূপায়ন কৰে। লগতে এই দাবী সম্বলিত এক স্মাৰক পত্ৰ মাণিকপুৰ প্ৰাথমিক শিক্ষা বিষয়াৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী আৰু ভাৰতৰ প্ৰধান মন্ত্ৰীলৈ প্ৰেৰণ কৰে আৰু উক্ত দাবী সমূহ ৰাজ্যিক আৰু কেন্দ্ৰীয় চৰকাৰক মানি লবলৈ আহ্বান জনায় শিক্ষক সকলে।