The news is by your side.

মাণিকপুৰ গোবিন্দ ভৱন গীতা সত্ৰত ১২৪ সংখ্যক গীতা জয়ন্তী মহোৎসৱ উদযাপনঃ

নিউজ 4 আসাম, মাণিকপুৰ, ২৬ নৱেম্বৰঃ শ্ৰীশ্ৰীকৃষ্ণানন্দদেৱে বঙাইগাঁও জিলাৰ মানাহৰ বাকৰিত তথা মাণিকপুৰত স্থাপন কৰা মাণিকপুৰ গোবিন্দ ভৱন গীতা সত্ৰত তিনিদিনীয়াকৈ ১২৪ সংখ্যক গীতা জয়ন্তী মহোৎসৱ উদযাপন কৰাৰ বাবে প্ৰস্তুতি চলাইছে উদ্যোক্তা সমিতিয়ে। ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মুক্তি যুঁজাৰু, শ্ৰীমদ্ভগৱদগীতা আৰু শ্ৰী শ্ৰী নামঘোষাৰ বিশ্লেষাণাত্মক তিকা ভাষ্যকাৰ তথা শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰবৰ্তিত এক শৰন হৰি নাম ধৰ্মৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অক্লান্ত চেষ্টাত জীৱন জুৰি ব্ৰতী হোৱা অন্যতম বৈষ্ণৱ গুৰু শ্ৰীশ্ৰীকৃষ্ণানন্দদেৱৰ ১২৪ সংখ্যক জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি অহা ২৭ নৱেম্বৰ বুধবাৰৰ পৰা ২৯ নৱেম্বৰ শুক্ৰবাৰলৈ ১২৪ সংখ্যক সাৰ্বভৌম গীতা জয়ন্তী মহোৎসৱ তিনিদিনীয়াকৈ উদযাপন কৰা হ’ব । উদযাপন সমিতিয়ে প্ৰস্তুত কৰি উলিওৱা কাৰ্যসূচী অনুসৰি ২৭ নৱেম্বৰ বুধবাৰৰ পুৱা ৫ বজাত প্ৰাতঃপ্ৰসংগ আৰু দুপৰীয়া ১২ বজাৰ পৰা ধৰ্মালোচনী সভা অনুষ্ঠিত কৰা হ’ব । মাণিকপুৰ গীতা সত্ৰৰ সত্ৰাধিকাৰ বিজুলী মিত্ৰৰ পৌৰোহিত্যত অনুষ্ঠিত হ’বলগীয়া ধৰ্মালোচনী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব সৰভোগ বিধান সভা সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাস। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰীৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামী। নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকিব মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ দেৱ গোস্বামী। আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকিব বি. এইচ. কলেজৰ অধ্যক্ষ ড০ ভূষণ চন্দ্ৰ পাঠক। ধৰ্মালোচনী সভাৰ বন্তি প্ৰজ্বলন কৰিব প্ৰাক্তন শিক্ষক ৰাজেন ৰায়ে আৰু গুৰুজনাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিব শৰৎ সিংহ ৰায়ে। উক্ত ধৰ্মালোচনী সভাখন উদ্বোধন কৰিব মাণিকপুৰ গোবিন্দ ভৱন গীতা সত্ৰৰ ডেকা সত্ৰাধিকাৰ কপিল দাসে। উক্ত ধৰ্মালোচনী সভাতে সত্ৰৰ মুখপত্ৰ “পাৰ্থসাৰথি” উন্মোচনৰ লগতে “কৃষ্ণানন্দ বঁটা” প্ৰদান কৰা হ’ব । সন্ধিয়া ৬ বজাত নাম যজ্ঞৰ অধিবাস আৰু সন্ধিয়া ৭ বজাত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হ’ব। ২৮ নৱেম্বৰ বৃহস্পতিবাৰৰ দিনা অহোৰাত্ৰ অখণ্ড নাম কীৰ্ত্তন। ৰাতিপুৱা ১০ বজাত গুৰুজনাৰ প্ৰতিচ্ছবি লৈ ভাগৱত ভ্ৰমণ আৰু সন্ধিয়া ৫ বজাত ১২৪ সংখ্যক সাৰ্বভৌম গীতা জয়ন্তী মহোৎসৱৰ বন্তি প্ৰজ্বলন। ২৯ নৱেম্বৰ শুক্ৰবাৰৰ ৰাতিপুৱা ১০ বজাত ভক্ত সন্মিলন অনুষ্ঠিত কৰা হ’ব। ইয়াৰ পিছতে উক্ত মহোৎসৱৰ সামৰণি পৰিব।

মহোৎসৱৰ সকলো কাৰ্যসূচী সফল ৰূপায়নৰ বাবে ধৰ্মপ্ৰাণ ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে উদযাপন সমিতিয়ে।