The news is by your side.

ৰঙিয়াত বজ্ৰনিনাদ ধ্বনি আছুৰঃ জোৰ লৈ ৰাজপথত ছাত্র সংগঠনঃ

ৰঙিয়াৰ পৰা মইদুল চৌধুৰী, ২১ নৱেম্বৰঃ ৰঙিয়াত বজ্ৰনিনাদ ধ্বনি আছুৰ । জোৰ লৈ ৰাজপথত ছাত্র সংগঠন । জোৰৰ জুইত ৰাঙলী হ’ল ৰঙিয়াৰ নিশাৰ আকাশ । তাল বজাই জোৰ লৈ কেইবাশতাধিক আছু কৰ্মীৰ সকীয়নি চৰকাৰক । জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰক । আছুৰ এই আহ্বানত ৰঙিয়াত এবছু, গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদকে ধৰি কেইবাটাও সংগঠনৰ উত্তাল প্ৰতিবাদ । জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰুদ্ধাচৰণ কৰি বৃহস্পতিবাৰে আছুৰ নেতৃত্বত বিভিন্ন সংগঠনৰ কৰ্মীসকলে ৰঙিয়া নগৰৰ মাজেৰে উলিয়াই এক প্ৰতিবাদী সমদল । বিজেপি চৰকাৰ হুচিয়াৰ, জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিল কৰক , জাতিধ্বংসী বিধেয়ক কোনো কাৰণতে মানি লোৱা নহব আদি শ্লোগানেৰে ৰাজপথ কপাই তোলে প্ৰতিবাদকাৰীসকলে ।

জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত ভবিষ্যতে অসম আৰু অসমীয়াৰ স্বাৰ্থত চৰকাৰে ভয়াবহ আন্দোলনৰ সন্মুখীন হব লাগিব বুলি সকিয়াই দিয়ে সংগঠন কেইটাৰ নেতৃবৃন্দই ।