ৰঙিয়া বৈদ্যুতিক উপঃ সংমণ্ডল কাৰ্যলয়ত সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক, মিটাৰ ৰিডাৰ কৰ্মী সন্থাৰ কৰ্ম বিৰতিঃ

ৰঙিয়াৰ পৰা মইদুল চৌধুৰী, নিউজ 4 আসাম, ২ ডিচেম্বৰঃ ৰঙিয়া বৈদ্যুতিক উপঃ সংমণ্ডল কাৰ্যালয়ত সদৌ অসম অস্থায়ী বিল ক্লাৰ্ক, মিটাৰ ৰিডাৰ কৰ্মী সন্থাৰ কৰ্মীৰ চাকৰি নিয়মীকৰণৰ লগতে ১১ দফীয়া দাবী পূৰন নকৰাৰ প্ৰতিবাদত অসহযোগ আন্দোলন (কৰ্মবিৰতি) গ্ৰহন কৰে।
কৰ্মী সকলে সংবাদ মাধ্যমত জানিবলৈ দিয়া মতে ১৪, ১৫ বছৰ ধৰি চাকৰিৰ নিয়মীয়াকৰন হ’ব বুলি বিজুলী ভৱনে আশ্বাস দি আছে । বহুবাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিলে কিন্তু আজি পৰ্যন্ত সমস্যাসমুহ সমাধান নহ’ল ।

যাৰ বাবে আজি এনেদৰে কৰ্মবিৰতি পালন কৰিবলগীয়া হৈছে। ইয়াৰ পিছতো যদি এই কৰ্মচাৰী সকলৰ সমস্যা সমুহ সমাধান কৰাত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে পুনৰ উপঃ সংমণ্ডলত অসহযোগ কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ন কৰা হ’ব আৰু বিজুলী ভৱনৰ সন্মুখত আমৰন অনশন কৰা হ’ব বুলি কৰ্মী সকলে হুংকাৰ প্ৰদান কৰে । বিজুলী ভৱনৰ অধ্যক্ষ মহোদয়লৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰে এই সকল কৰ্মীয়ে।

Leave A Reply

Your email address will not be published.