ৰঙিয়াত এপ’ল মিলৰ কৰ্মচাৰীৰ প্ৰতিবাদঃ ভাৰত-ভুটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধঃ

ৰঙিয়াৰ পৰা মইদুল চৌধুৰী, নিউজ 4 আসাম, ২৫ নৱেম্বৰঃ

অৱশেষত আন্দোলনৰ কাৰ্যসূচী লবলৈ বাধ্য হ’ল ৰঙিয়াৰ এপ’ল মিলৰ কৰ্মচাৰী সকলে । এপ’ল মিলৰ সন্মুখৰ ভাৰত-ভুটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথত চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । এপ’লৰ কৰ্মচাৰীৰ এই আন্দোলনত সহযোগ কৰিছে আছু, বিভিন্ন দল সংগঠনৰ লগতে ৰাইজে ।

চৰকাৰৰ মিথ্যাচাৰীতাৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে প্ৰতিবাদকাৰীয়ে । কিয়নো যোৱা তিনি বছৰ ধৰি এপ’ল মিলৰ উৎপাদন বন্ধ হৈ আছে । যাৰ বাবে মিলৰ প্ৰায় ৬০০ শ্ৰমিক-কৰ্মচাৰীৰ দৰমহা নাপাই পানীত হাঁহ নচৰা অৱস্থা হৈছে । চৰকাৰৰ মিছা আশ্বাস-প্ৰতিশ্ৰুতিত আৰু ভোল নাযায় এইসকল কৰ্মচাৰী । সেয়েহে এই মিলটো পুনৰ কাৰ্যক্ষম কৰাৰ দাবীত আজি ভাৰত-ভুটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদমুখৰ হৈ পৰে মিলটোৰ কৰ্মচাৰীৰ লগতে আছু আৰু স্থানীয় ৰাইজ ।

চৰকাৰ বিৰোধী শ্লোগানেৰে ৰঙিয়াৰ পৰিবেশ উত্তাল কৰি তোলে। ইয়াৰ পিছতো যদি মিলটো চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি পুনৰুজ্জীৱিত নকৰে, তেন্তে এপ’লৰ কৰ্মচাৰীসকলে ৰাজহুৱাভাৱে আত্মজাহ দিবলৈ প্ৰস্তুত হৈছে বুলি জানিবলৈ দিয়ে। জীৱন-জীৱিকাৰ প্ৰতি অশনি সংকেত নামি অহা এইসকল কৰ্মচাৰীক সময়ে সময়ে চৰকাৰে এপ’ল পুনৰ কাৰ্যক্ষম হব বুলি মাথো আলোচনা-বিলোচনা আৰু ঘোষণাৰে সান্ত্বনা দি আহিছে যদিও বাস্তৱ ক্ষেত্ৰত আজিলৈকে এপ’ল কাৰ্যক্ষম কৰাৰ কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰিলে । পৰৱৰ্তী সময়ত চৰকাৰে এপ’ল মিল আৰু ইয়াৰ কৰ্মচাৰী সকলৰ প্ৰতি কি সিদ্ধান্ত লয় সেয়া হ’ব লক্ষনীয়।

Leave A Reply

Your email address will not be published.