বিলাসীপাৰাৰ কাজাইকাটা ছুৱাপাতা গাওঁ পঞ্চায়তত দুখীয়া ছাত্ৰীৰ মাজত ছাইকেল বিতৰণঃ

নিউজ 4 আসাম, বিলাসীপাৰা, ২৩ নৱেম্বৰঃ ধুবুৰী জিলাৰ বিলাসীপাৰা মহকুমাৰ কাজাইকাটা ছুৱাপাতা গাওঁ পঞ্চায়তৰ সভাপতি হুৰমূজ আলীৰ পৌৰোহিত্যত বাবুৰহাটত চাইকেল বিতৰণী সভা এখন অনুষ্ঠিত হয়। উল্লেখ্য যে উক্ত সভাখনত নায়েৰ আলগা চৰ উন্নয়ন প্ৰকল্পৰ অধীনৰ সংখ্যালঘু কোষৰ পৰা ৩৫ খন চাইকেল দুখীয়া ছাত্ৰীৰ মাজত বিতৰণ কৰা হয় আৰু

এই চাইকেল সমূহ বিতৰণ কৰে ২৭ নং বিলাসীপাৰা পূৱ বিধান সভা সমষ্টিৰ বিধায়ক শ্ৰীযুত অশোক কুমাৰ সিংহীয়ে। উক্ত সভাখনত উপস্থিত থাকে শগুনমাৰী গাওঁ পঞ্চায়তৰ সভাপতি আতোৱাৰ হোসেন, নায়েৰ আলগা চৰ উন্নয়ন প্ৰকল্প বিষয়া আব্দুল আউয়ালৰ লগতে প্ৰকল্পটোৰ কৰ্ম-কৰ্ত্তা সকল।

ইয়াৰ উপৰিও কাজাইকাটা ছুৱাপাতা গাওঁ পঞ্চায়তৰ উপ-সভানেত্রীৰ স্বামী মহম্মদ আলী, পঞ্চায়তখনৰ সদস্য জলিবৰ ৰহমান, কুদ্দুছ আলী আদিকে ধৰি প্ৰায় পাঁচ শতাধিক ৰাইজ আৰু স্কুলীয়া ছাত্ৰী উপস্থিত থাকে। মনকৰিবলগীয়া যে উক্ত চাইকেল বিতৰণী অনুষ্ঠানটোত ৰাজ্যৰ বিভিন্ন প্ৰান্তত গোৱালপৰীয়া লোক গীত, অসমীয়া থলুৱা গীত আদিকে ধৰি গীত পৰিবেশন কৰি অহা শিল্পী কোকিলা সৰকাৰে গীত পৰিবেশন কৰি সভাখন উপস্থিত থকা ৰাইজক মনোৰঞ্জন কৰে।

Leave A Reply

Your email address will not be published.