বিধায়ক শিলাদিত্যক মহাপাগল আৰু হিমন্ত বিশ্ব শৰ্মাক ধুৰন্ধৰ মন্ত্ৰী আখ্যাঃ কিন্তু কিয়? চাওঁক…

ষ্টাফ ৰিপ’ৰ্টাৰ, নিউজ 4 আসাম, ২ ডিচেম্বৰঃ সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ (আমছু)ৰ বৰভিঠা আঞ্চলিক সমিতিৰ প্ৰথম বাৰ্ষিক অধিৱেশনখন এদিনীয়াকৈ অনুষ্ঠিত হয়। বৰভিঠা আঞ্চলিক সমিতিৰ সম্পাদক শ্বাহজাহান আলীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা মকুলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে আমছুৰ কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি অধিবক্তা আইনুদ্দীন আহমেদ। তেখেতে ভাষণ প্ৰসংগত কয় যে বিধায়ক শিলাদিত্য দেৱ এজন মহাপাগল আৰু মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা অতি ধুৰন্ধৰ সুবিধাবাদী নেতা। “কেব” প্ৰসংগত কয় যে, কেব কেতিয়াও আৰু কোনো পৰিস্থিতিতেই মানি লোৱা নহ’ব।আনহাতে আমছু জাতীয় সংগঠন হয় নে নহয় তাৰ চাৰ্টিফিকেট শিলাদিত্য বা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা পোৱাৰ প্ৰয়োজন নাই বুলি তাৎপয্যপূৰ্ণ মন্তব্য আগবঢ়ায়। বাংলাদেশী ভূতে খেদি ফুৰা শিলাদিত্যই বিধানসভাৰ পবিত্ৰ মজিয়াত অসংবিধানিক মন্তব্য আগবঢ়োৱা শিলাদিত্যক গ্ৰেপ্তাৰ কৰিব লাগে যদিও এই সাহস চৰকাৰৰ নহ’ব বুলিও সৰ্বানন্দ সোণোৱাল চৰকাৰলৈ অভিযোগৰ আঙুলি টোৱায়।

Leave A Reply

Your email address will not be published.