কলগাছিয়াত অনুষ্ঠিত হ’বলগীয়া নামনি অসম মহোৎসৱৰ লাইখুঁটা স্থাপনঃ

ষ্টাফ ৰিপ’ৰ্টাৰ, নিউজ 4 আসাম, ২ ডিচেম্বৰঃ বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ প্ৰাণকেন্দ্ৰ স্বৰূপ কলগাছিয়াত অহা ১৫ ৰ পৰা ২৫ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া নামনি অসম মহোৎসৱৰ আজি লাইখুঁটা স্থাপন কৰে।

আজিৰ এই অনুষ্ঠানত কলগাছিয়া নামনি অসম মহোৎসৱ পৰিচালনা সমিতিৰ সভাপতি, যুৱ নেতা তথা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা শ্বহিদুল ইছলামৰ লগতে অঞ্চলটোৰ গণ্য মান্য ব্যক্তিসকল উপস্থিত থাকে। লাইখুঁটা স্থাপন কৰি সৰ্বতোপ্ৰকাৰৰ সহযোগিতা কামনা কৰিছে উদ্যোক্তা সকলে। সভাপতিয়ে কয় আজিৰ পৰা সমগ্ৰ কলগাছিয়া অঞ্চলত উৎসৱ মুখৰ পৰিবেশ বিৰাজ কৰিব। দুবাৰকৈ কলগাছিয়াত নামনি অসম মহোৎসৱ সফলতাৰে সম্পন্ন হৈছে। এইবাৰ তৃতীয় বাৰতো সফলতাৰে সম্পন্ন হ’ব। এই মহোৎসৱত এটা আহবান জনাইছে যে যিসকল ব্যক্তিয়ে মহোৎসৱত অংশগ্ৰহণ কৰিব সেই সকলৰ প্ৰতিজন ব্যক্তিয়ে যাতে কমেও তিনিখনকৈ গ্ৰন্থ কিনে। এই আহ্বান আয়োজক সমিতিৰ কিয়নো এইবাৰ নামনি অসম মহোৎসৱত গ্ৰন্থ মেলাৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হৈছে সেয়েহে আশা ৰাখিছে তৃতীয় নামনি অসম মহোৎসৱৰ গ্ৰন্থমেলাত অসমৰ ভিতৰত আটাইতকৈ বেছি গ্ৰন্থ বিক্ৰী হ’ব।

মুখ্য সম্পাদক নজমুল হকে কয় যে সমগ্ৰ অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ সংস্কৃতি এই নামনি অসম মহোৎসৱত উপস্থাপন কৰিব। নামনি অসম মহোৎসৱ যাতে সফল ভাবে ৰূপায়িত হয় তাৰেই কামনা কৰিছে আৰু সমূহ ৰাইজৰ সহায় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে উদ্যোক্তা সমিতিয়ে।

Leave A Reply

Your email address will not be published.