এইবাৰ নিমখ পানীৰে আপুনি চলাব পাৰিব মাৰুতীঃ ৰঙিয়াত নৱম শ্ৰেণীৰ ছাত্ৰই তৈয়াৰ কৰিলে নিমখ পানীৰে চলা মাৰুতী কাৰঃ

ৰঙিয়াৰ পৰা মইদুল চৌধুৰী, নিউজ 4 আসাম, ৩০ নৱেম্বৰঃ ৰঙিয়াৰ বিষ্ময় বালক বাদল দাসে সাজি উলিয়াইছে নিমখ পানীত চলা এখন চাৰিচকীয়া কাৰ । ইতিপূৰ্বে পেলোনীয়া সামগ্ৰীৰে অভিনৱ ATM, ৰবট সাজি অসাধাৰণ প্ৰতিভাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে

নৱম শ্ৰেণীৰ ছাত্ৰ বাদলে । তুলসীবাৰীৰ দিন হাজিৰা কৰা পৰিমল দাসৰ পুত্ৰ তথা শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ বাদলে মাত্ৰ কিছুদিনৰ ভিতৰতে ছালফিউৰিক এচিডত চলা মাৰুতী কাৰখন সাজি উলিয়াবলৈ সক্ষম হৈছে । ৰাজ্যত দিনক দিনে পেট্ৰল-ডিজেলৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বাবেই সাজি উলিয়াইছে নিমখ আৰু পানী মিহলাই তৈয়াৰ কৰা ছালফিউৰিক এচিড ব্যৱহাৰ কৰি চলোৱা মাৰুতী কাৰখন ।

পেলোনীয়া কাৰ্টন, বিকল বিদ্যুতৰ সামগ্ৰী, পেলোনীয়া বেটাৰি, বৈদ্যুতিক মটৰ, পুতলা গাড়ীৰ চকা, থাৰ্মোকল আদিৰে মাৰুতী কাৰখন সাজি উলিয়াইছে । কোনোধৰণৰ আনুষ্ঠানিক কাৰিকৰী শিক্ষা নোহোৱাকৈ অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান বাদলে সাজি উলিয়াইছে বিশেষ ধৰণৰ নিমখ পানীৰে চালিত মাৰুতী কাৰখন । এই কাৰখনৰ বেটাৰীটোত এবাৰ নিমখ পানী ভৰালে প্ৰায় আঢ়ৈ ঘন্টা চলাব পৰা যাব ।

ভৱিষ্যতে অধিক উন্নত মানৰ নিমখ পানীত চলা বাইক, কাৰ নিৰ্মাণ কৰাৰ পৰিকল্পনা কৰিছে মেধাবী ছাত্ৰ জনে । প্ৰচুৰ সম্ভাৱনাময়ী এই ছাত্ৰজনে এনেদৰে নিজৰ উদ্ভাৱনী শক্তিৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে । কিন্তু ধনৰ অভাৱৰ বাবে প্ৰতিভা থকাৰ পিছতো অধিক উন্নত মানৰ ৰবটটো নিৰ্মাণ কৰিব নোৱাৰাৰ বেদনা প্ৰকাশ কৰে । ছাত্ৰ হিচাপেও অতি মেধা বাদলৰ ভৱিষ্যতে অভিযন্তা হোৱাৰ মন বুলি মত প্ৰকাশ কৰে।

Leave A Reply

Your email address will not be published.